অজান দেশৰ হেঁপাহ
অজান দেশৰ হেঁপাহ
নিৰৱে বহি আকাশৰ ফালে চাওঁ,
অজান এক দেশৰ কথা ভাবি মই যাওঁ।
নীলা মেঘৰ ভাঁজে ভাঁজে মোৰ সপোন উৰে,
মনৰ চৰাইটিয়ে যেন মুকুত আকাশ বিচাৰি ফুৰে।
জোনাকৰ পোহৰে ধুই দিয়ে মোৰ দুখবোৰ,
প্ৰতিটো নিশা দিয়ে এটি নতুন আশাৰ সুৰ।
বতাহজাকে কাণে কাণে কৈ যায় কিবা এটি কথা,
বিচাৰি পাওঁ যেন মই জীৱনৰ আচল সাৰ্থকতা।
সময়ৰ সোঁতত হেৰাই নাযায় যেন মোৰ অভিমান,
হৃদয়ৰ কোনোবা কোণত বাজি থাকক মোৰ প্ৰাণৰ গান।
©™ মাইনা গাম
