সতী জয়মতী
সতী জয়মতী
জেৰেঙাৰ পথাৰত তেজৰ চেঁকুৰ,
এটি নাম— জয়মতী, সাহসৰ অংকুৰ।
দেশৰ হকে, স্বামীৰ কাৰণে,
নীৰৱে সহিলে যাতনা মৰণে।
চাউদাঙৰ বেতৰ কোবত কঁপিল ধৰণী,
তথাপিও নহ’ল তেওঁৰ মনৰ লৰণি।
মুখত মাথো 'দেশ' আৰু 'পতি'ৰ মংগল,
অটল বিশ্বাসেৰে জিনিলে সকলো জংঘল।
গদাপাণিৰ সন্ধান নিদিলে সতীয়ে,
মৃত্যুক সাৱটিলে হাঁহি মুখে প্ৰিয়ে।
অসমী আইৰ কোলাত হেৰাল এটি প্ৰাণ,
আজিও বুকুত বাজে ত্যাগৰ সেই গান।
স্বৰ্ণাক্ষৰে লিখা ৰ’ব সেই কাহিনী,
তুমি আমাৰ সাহসৰ অমৰ বাহিনী।
জেৰেঙাৰ বুকুৰ তুমি সেই বিৰল শিখা,
বুৰঞ্জীৰ পাতত তুমি এটি অমল লিখা।
©™ মাইনা গাম
