Breaking News

সতী জয়মতী

 

সতী জয়মতী



​জেৰেঙাৰ পথাৰত তেজৰ চেঁকুৰ,

এটি নাম— জয়মতী, সাহসৰ অংকুৰ।

দেশৰ হকে, স্বামীৰ কাৰণে,

নীৰৱে সহিলে যাতনা মৰণে।

​চাউদাঙৰ বেতৰ কোবত কঁপিল ধৰণী,

তথাপিও নহ’ল তেওঁৰ মনৰ লৰণি।

মুখত মাথো 'দেশ' আৰু 'পতি'ৰ মংগল,

অটল বিশ্বাসেৰে জিনিলে সকলো জংঘল।

​গদাপাণিৰ সন্ধান নিদিলে সতীয়ে,

মৃত্যুক সাৱটিলে হাঁহি মুখে প্ৰিয়ে।

অসমী আইৰ কোলাত হেৰাল এটি প্ৰাণ,

আজিও বুকুত বাজে ত্যাগৰ সেই গান।

​স্বৰ্ণাক্ষৰে লিখা ৰ’ব সেই কাহিনী,

তুমি আমাৰ সাহসৰ অমৰ বাহিনী।

জেৰেঙাৰ বুকুৰ তুমি সেই বিৰল শিখা,

বুৰঞ্জীৰ পাতত তুমি এটি অমল লিখা।


©™ মাইনা গাম