লুইতৰ বুকুত মাজুলীৰ ছবি
লুইতৰ বুকুত মাজুলীৰ ছবি
কলীয়া ডাৱৰে চুই যোৱা বিশাল বুকুৰ মাজত,
তুমি এক আধ্যাত্মিক দ্বীপ — মাজুলী,
ভকতৰ হৰি-নাম আৰু খোলৰ গুৰু গম্ভীৰ ধ্বনিত
লুইতৰ শীতল বতাহজাকো হয় বিভোৰ আৰু আকুলী।
পাৰত বান্ধি থোৱা আছে জৰাজীৰ্ণ কাঠৰ নাও,
দূৰৈৰ পৰা ভাহি আহে ফেৰীৰ সেই চিনাকি সুৰ,
যাত্ৰীৰ কোলাহল আৰু বুকুত একাঁজলি আশা লৈ
সোঁতৰ বিপৰীতে আগুৱাই যায় সিটো পাৰলৈ দূৰ-সুদূৰ।
সৰাপাতৰ দৰে ভাঁহি ফুৰা ফেৰীৰ সেই যাত্ৰা,
আকাশত শৰালি হাঁহৰ ক্ৰমশঃ হেৰাই যোৱা জাক,
পানীৰ ঢৌৱে খুন্দা মাৰে ফেৰীৰ লোৰ চকাটোত
যেন লুইতে ক’ব খোজে কোনোবা যুগৰ নিৰৱ ডাক।
এফালে গৰাখহনীয়াৰ বুকুত হেৰুৱাৰ হাহাকাৰ,
আনফালে ভৰা লুইতৰ বুকুত জিলিকি উঠা বালিচৰ,
মাজুলীৰ সেই মুখা শিল্প আৰু সত্ৰীয়া সংস্কৃতিৰ মাজত
তুমি মহাবাহু হৈ ৰোৱা আমাৰ আৱেগ আৰু মৰমৰ।
©™ মাইনা গাম
