জীৱন-মৃত্যুৰ যাত্ৰা
জীৱন-মৃত্যুৰ যাত্ৰা
![]() |
| © Image : Writers BY Maina Gam |
অজান দেশৰ পৰা আহিছোঁ মই,
অজান দেশলৈ যাম,
মাথোঁ মাজৰ এইছোৱা সময়ত
এমুঠি স্মৃতি সাঁচি থৈ যাম।
জীৱন এটি বৈ থকা নৈ,
পাৰত তাৰ আশা-নিৰাশাৰ ঢৌ;
কেতিয়াবা যদি বিষাদৰ ধুমুহা,
কেতিয়াবা আকৌ সুখৰ মৌ।
কেঁচা মাটিৰ এই মায়াবী ঘৰত
আহিছোঁ দুদিনৰ বাবে,
হাঁহি-কান্দোনৰ এই খেলখনত
বন্দী হৈ আছোঁ সকলোৱে।
মৃত্যু চোন এক জিৰণিৰ ঘাট,
য’ত শেষ হয় সকলো ভাগৰ;
পাৰ্থিৱ জগতৰ মায়া ত্যাগি
বিলীন হোৱা এটি অনন্ত সাগৰ।
আন্ধাৰৰ পিছত যিদৰে পোহৰ আহে,
মৃত্যুৰ পিছতো থাকে এক ৰহস্য;
এই যাত্ৰা মাথোঁ এটা বিন্দুৰ পৰা আনটোলৈ,
য’ত আত্মা সদায় অজৰ-অমাৰ, অবিনাশ্য।
"জীৱনটো যদি এটা চুটি গল্প হয়, মৃত্যু তেন্তে তাৰ শেষৰ পূৰ্ণচ্ছেদ নহয়, বৰঞ্চ এখন নতুন কিতাপৰ আৰম্ভণিহে।"
©™ মাইনা গাম
