অচিন এই জীৱনৰ খেল
অচিন এই জীৱনৰ খেল
সুখ বিচাৰি কোনোৱে চকুলো টোকে,
দুখৰ সাগৰত আকৌ কোনোৱে হাঁহিটি গুজি ৰাখে।
আচৰিত এই জীৱনৰ ৰং, আচৰিত তাৰ গতি,
পলে পলে সলনি হয় হৃদয়ৰ জ্যামিতি।
বিশ্বাসৰ মৰীচিকা খেদি কান্দে কোনোজনে,
বিশ্বাস কৰি পুনৰ ঠগ খায় আনজনে।
ভঙা-গঢ়াৰ এই নিৰন্তৰ খেলিমেলিৰ মাজত,
জীৱন আগবাঢ়ে নিজৰ আপোন ছন্দত।
হাঁহি আৰু কান্দোনৰ একো একোটি ধাৰা,
বুজিব নোৱাৰি ইয়াৰ অন্ত ক'ত বা ক'ত ইয়াৰ সীমা।
আন্ধাৰৰ বুকুত পোহৰ বিচাৰি থকা
অচিন এই জীৱনৰ খেল ধৰা বৰ টান...।
© মাইনা গাম
