Breaking News

জন্মান্তৰৰ হেঁপাহ

 

জন্মান্তৰৰ হেঁপাহ


সময়ৰ সোঁতত সলনি হয় বহুত,

অজানিতে হেৰাই যায় কত চিনাকি পথ।

কিন্তু মোৰ হৃদয়ৰ এই নিভৃত কোণত,

মাথোঁ তোমাৰ বাবেই সাঁচি থৈছোঁ একাঁজলি অমৃত।

​হয়তো কাইলৈ পুৱাৰ বেলিটো নতুন হ’ব,

নতুন কোনো সুৰেৰে পৃথিৱীখন আকৌ জিলিকিব।

কিন্তু মোৰ প্ৰতিটো উশাহৰ স্পন্দনত,

মাথোঁ তোমাৰেই নাম সদায় অনুৰণিত হ’ব।

​জন্মে জন্মে যেন পাওঁ মই তোমাৰেই সংগ,

তোমাৰ মৰমতে ৰঙীন হওক মোৰ প্ৰতিটো অংগ।

হাজাৰ ভিৰৰ মাজতো মোৰ চকুৱে মাথোঁ তোমাক বিচাৰিব,

কাৰণ তুমি আছিলা, তুমি আছা আৰু তুমি মোৰ হৈয়ে থাকিব।

​সীমাহীন আকাশৰ দৰে বিশাল আমাৰ এই মৰম,

প্ৰতিটো জনমৰ বাবে তুমি মোৰ একমাত্ৰ আশ্ৰয়, মোৰ পৰম।


© মাইনা গাম