মাটিৰ পৰা মহিমালৈ
মাটিৰ পৰা মহিমালৈ
ৰূপালী নিয়ৰত ধোৱা পাহিৰ হাঁহি,
সৃষ্টিৰ তুমি যেন একাজলি সুবাসৰ ৰাশি।
তোমাৰ বুকুত বিৰাজ কৰে স্বৰ্গীয় জেউতি,
সকলোৰে বাবে তুমি মাথো সৌন্দৰ্যৰ আৰতি।
কিন্তু কোনে জানে তোমাৰ আৰম্ভণিৰ কথা?
যিদিনা তুমি আছিলি এটি সৰু বীজৰ আশাত,
নাছিল কোনো সুগন্ধি, নাছিল কোনো কাঁচিয়লি ৰ’দৰ মাত।
মাটিৰ গভীৰত, গোবৰ আৰু অন্ধকাৰৰ মাজত,
তুমি লৈছিলা প্ৰাণ— এক নজনা সংগ্ৰামৰ সাজত।
অশুচি বুলি যাক আমি আঁতৰাই থওঁ দূৰলৈ,
তাৰ পৰাই তুমি ল’লা জীৱনী শক্তি নিজৰ দেহলৈ।
শিপাবোৰে সাবটি ধৰিলে সেই কদৰ্য আন্ধাৰক,
যাতে তুমি উপহাৰ দিব পাৰা পৃথিৱীক এটি পোহৰক।
সৌন্দৰ্য মাথো পাহিৰ ৰঙত নাথাকে লুকাই,
সৌন্দৰ্য থাকে সেই ধৈৰ্যত, যিয়ে কদৰ্যকো লয় জিকাই।
কাৰণ সাৰুৱা মাটিৰ সেই অনাদৃত কণাখিনিয়েই,
তোমাক কৰি তোলে বিশ্বৰ এক অনবদ্য বিৰল সৃষ্টি।
©™ মাইনা গাম
