নিশাৰ নীৰৱ চকুলো
নিশাৰ নীৰৱ চকুলো
ৰাতিৰ নিস্তব্ধতাত,
যেতিয়া পৃথিৱী নিদ্ৰাত মগন—
মই সাৰে আছোঁ মাথো
তোমাৰ প্ৰেমৰ উন্মাদনাত।
দুকাপলৈ বৈ আহে
অজানিতে দুধাৰি তপত লোতক,
প্ৰতিটো টোপালত যেন লিখা আছে
তোমাৰ নামৰ একোটা কবিতা।
মই টুকিছোঁ চকুলো,
কিয়নো মোৰ উশাহৰ প্ৰতিটো স্পন্দনত
মাথো তোমাৰেই অনুভৱৰ ছায়া;
মই কান্দিছোঁ,
কিয়নো এই প্ৰেম মোৰ বাবে
এক অবুজ বুকুৰ বেথা।
©® মাইনা গাম
