Breaking News

নিশাৰ নীৰৱ চকুলো

 

​নিশাৰ নীৰৱ চকুলো


ৰাতিৰ নিস্তব্ধতাত,

যেতিয়া পৃথিৱী নিদ্ৰাত মগন—

মই সাৰে আছোঁ মাথো

তোমাৰ প্ৰেমৰ উন্মাদনাত।

​দুকাপলৈ বৈ আহে

অজানিতে দুধাৰি তপত লোতক,

প্ৰতিটো টোপালত যেন লিখা আছে

তোমাৰ নামৰ একোটা কবিতা।

​মই টুকিছোঁ চকুলো,

কিয়নো মোৰ উশাহৰ প্ৰতিটো স্পন্দনত

মাথো তোমাৰেই অনুভৱৰ ছায়া;

মই কান্দিছোঁ,

কিয়নো এই প্ৰেম মোৰ বাবে

এক অবুজ বুকুৰ বেথা।


©® মাইনা গাম