হেৰুৱা প্ৰেমৰ হেঁপাহ
হেৰুৱা প্ৰেমৰ হেঁপাহ
নীলা আকাশৰ কোণত আজি ক’লা ডাৱৰৰ মেলা,
তুমিহীনতাৰ মৰুভূমিত মই এতিয়া অকলশৰীয়া।
তুমি আছিলা মোৰ জীৱনৰ সেই অন্তিমটি আশা,
যাৰ বুকুত বিচাৰি পাইছিলোঁ জীয়াই থকাৰ ভাষা।
মৰহি গ’ল আজি মোৰ সপোনৰ ৰঙীন ফুলনি,
বুকুৰ মাজত ৰৈ গ’ল মাথোঁ এক অসহ্যকৰ বিননি।
ভাবিছিলোঁ একেলগে খোজ দিম জীৱনৰ শেষলৈকে,
কিন্তু তুমি আঁতৰি গ’লা মোক আধাতে এৰি থৈ।
অস্ত যোৱা বেলিটোৱে যেন কৈ যায় কাণে কাণে,
তোমাৰ অবিহনে মোৰ দিনবোৰ কেনেকৈ কাটে কোনে জানে?
মোৰ এই অন্তিম প্ৰেম আছিল মোৰ আটাইতকৈ আপোন,
আজি সকলো ছাই হৈ গ’ল, ভাঙি গ’ল মোৰ কাঁচৰ সপোন।
স্মৃতিবোৰে আমনি কৰে নিশাৰ নিজম নিস্তব্ধতাত,
তুমি আজিও আছা মোৰ প্ৰতিটো উশাহত, প্ৰতিটো কথাৰ ভাঁজত।
যদিও তুমি নাই, মোৰ প্ৰেম সদায় থাকিব জীয়াই,
মই ৰৈ থাকিম সেই একেই ঠিকনাত, তোমাৰ অপেক্ষাত।
©™ মাইনা গাম
