Breaking News

হৃদয়ৰ দস্তাবেজ

 হৃদয়ৰ দস্তাবেজ





গণিতৰ কঠিন কোঠালিত আছিল মাথো হিচাপৰ খেল,


তুমি আহিলা বিলাই দিবলৈ জীৱনৰ ৰঙীন মেইল।


প্ৰেম মানে নহয় মাথো দুখন হাতৰ স্পৰ্শৰ মায়া,


প্ৰেম মানে হ’ল দুখন আত্মাৰ একেটি নিৰ্মল ছায়া।


তুমি ক’লা—


"জীৱনটো এমুঠি বালি, আঙুলিৰ ফাঁকেৰে সৰকি যায়,


যিটো পলক জীয়াই আছা, তাতেই চোন সকলো পায়।"


ত্যাগৰ নামেই যদি প্ৰেম, তেন্তে বিচ্ছেদো এক গান,


তুমি নোহোৱাকৈও মোৰ বুকুত বাজি থাকে তোমাৰেই গান।


সৰাপাতবোৰ মৰহি যায় যদিও মাটিৰ মমতাত মিহলি হয়,


আমাৰ প্ৰেমো চোন মৃত্যুৰ পাছতো চিৰস্থায়ী হৈ ৰয়।


এতিয়া মই বুজিলোঁ—


জীৱন মানে মাথো উশাহৰ অহা-যোৱা নহয়,


প্ৰেমৰ এটি সৰু বিন্দুৱেই গোটেই পৃথিৱী জয়।


​"প্ৰেম আৰু প্ৰতিজ্ঞা যেতিয়া এক হয়, তেতিয়াই মানুহে জীৱনৰ প্ৰকৃত সৌন্দৰ্য বিচাৰি পায়।"


©™ মাইনা গাম