দৃষ্টিৰ হেঙুলীয়া পৰিধি
দৃষ্টিৰ হেঙুলীয়া পৰিধি
বিচাৰিলে পোৱা যায় হেৰুৱা মণিকো,
সাগৰৰ তলি ফালি মুক্তা এধাৰিও;
আকাশৰ নীলাত সপোনৰ ঠিকনা বিচাৰি
মানুহে আজিকালি চুব পাৰে তৰাটিও।
পৰৰ ছিদ্ৰত চকু যায় অজানিতে,
বিচাৰি উলিয়াব পাৰে তিলটোৰো লেখ;
অন্যৰ ভুলৰ পাহাৰ সাজি সাজি
কাহানিও নহয় মানুহৰ কথাৰ শেষ।
অন্ধকাৰ কোঠাতো পোহৰ বিচাৰি পায়,
বিচাৰি পায় মৰুভূমিতো অলপ পানী;
কিন্তু বিচাৰি নাপায় কেতিয়াও নিজৰ বুকুত
লুকাই থকা ভুলবোৰৰ অলপো চানেকি।
দাপোনৰ আগত থিয় দিলেও মাথোঁ
দেখা পায় নিজৰ মিচিকিয়া হাঁহি;
ভুলৰ বোজাটো পিঠিত বান্ধি ফুৰোঁতে
নিজৰে চকুত নপৰে ইয়াৰ একোৱেই আঁচোৰ।
নিজক চিনি পোৱাই যদি হয় আচল জ্ঞান,
তেন্তে ভুলবোৰকো কৰিব লাগে আদৰ;
যিদিনা মানুহে নিজৰ ত্ৰুটি বিচাৰি পাব,
সিদিনাই হ’ব পৃথিৱীত মানৱতাৰ আচল খবৰ।
©™ মাইনা গাম
