Breaking News

দৃষ্টিৰ হেঙুলীয়া পৰিধি

 

দৃষ্টিৰ হেঙুলীয়া পৰিধি


বিচাৰিলে পোৱা যায় হেৰুৱা মণিকো,

সাগৰৰ তলি ফালি মুক্তা এধাৰিও;

আকাশৰ নীলাত সপোনৰ ঠিকনা বিচাৰি

মানুহে আজিকালি চুব পাৰে তৰাটিও।

​পৰৰ ছিদ্ৰত চকু যায় অজানিতে,

বিচাৰি উলিয়াব পাৰে তিলটোৰো লেখ;

অন্যৰ ভুলৰ পাহাৰ সাজি সাজি

কাহানিও নহয় মানুহৰ কথাৰ শেষ।

​অন্ধকাৰ কোঠাতো পোহৰ বিচাৰি পায়,

বিচাৰি পায় মৰুভূমিতো অলপ পানী;

কিন্তু বিচাৰি নাপায় কেতিয়াও নিজৰ বুকুত

লুকাই থকা ভুলবোৰৰ অলপো চানেকি।

​দাপোনৰ আগত থিয় দিলেও মাথোঁ

দেখা পায় নিজৰ মিচিকিয়া হাঁহি;

ভুলৰ বোজাটো পিঠিত বান্ধি ফুৰোঁতে

নিজৰে চকুত নপৰে ইয়াৰ একোৱেই আঁচোৰ।

​নিজক চিনি পোৱাই যদি হয় আচল জ্ঞান,

তেন্তে ভুলবোৰকো কৰিব লাগে আদৰ;

যিদিনা মানুহে নিজৰ ত্ৰুটি বিচাৰি পাব,

সিদিনাই হ’ব পৃথিৱীত মানৱতাৰ আচল খবৰ।


©™ মাইনা গাম