দুটি পাত এটি কলিৰ গান
দুটি পাত এটি কলিৰ গান
সেউজীয়া পাহাৰৰ ঢালত,
ৰ’দ-বৰষুণৰ খোজত—
সাৰ পায় এটা গান,
চাহ বাগিচাৰ মানুহবোৰৰ প্ৰাণ।
পিঠিত পাচিটো লৈ,
আঙুলিৰ ফাঁকত সোণালী সময় বুটলে—
দুটি পাত এটি কলি,
তাতেই লুকাই থাকে তেওঁলোকৰ আশাৰ কলি।
ৰাতিপুৱাৰ কুঁৱলী ফালি
মাদলৰ চেৱে চেৱে জীয়াই থকাৰ হেঁপাহ,
কপালৰ ঘামবোৰ নিয়ৰ হৈ সৰে
চাহ গছৰ মাজে মাজে।
অভাৱৰ মাজেৰেও সিহঁতৰ হাঁহিটো অমলিন,
বাস্তৱৰ কঠোৰ মাটিত তেওঁলোক বৰ পোন।
কেঁচা চাহপাতৰ গোন্ধত
বিলীন হয় সকলো দুখ আৰু ভাগৰৰ ক্ষণ।
প্ৰতিটো শোহক চাহৰ সোৱাদত,
মিহলি হৈ থাকে কাৰোবাৰ তেজ আৰু ঘাম—
অচিনাকি সেই চাহ বাগিচাৰ শ্ৰমিকজনৰ
আজি অন্তত: ল’লোঁ এটি গুণগান।
©™ মাইনা গাম
