জীৱন-মৃত্যুৰ দোমোজা | অসমীয়া কবিতা
-মাইনা গাম ✍🏻
অজানিতে আহে এটি কোমল কলি,
পুৱাৰ ৰদালিত উঠে হাঁহিটি মেলি।
দুবৰিৰ পাতত নিয়ৰৰ টোপাল,
নাম যাৰ জীৱন—এটি মায়াময় সপোন।
কেতিয়াবা যদি আশাৰ ঢৌ উঠে,
কেতিয়াবা আকৌ দুখৰ মেঘে ঢাকে।
হাঁহি-কান্দোনৰ অঁকাসঁকা বাটত,
আমি বিচাৰি ফুৰোঁ সুখৰ ঠিকনাটো।
কিন্তু সময়ৰ সোঁতত চকুৰ পলকতে,
আহে সেই নিস্তব্ধ ছাঁজনী।
নাই কোনো শব্দ, নাই কোনো আৰ্তনাদ,
নাম যাৰ মৃত্যু—এক পৰম সত্যৰ আৱাজ।
মাটিৰ দেহটি মাটিতে মিলি যায়,
স্মৃতিবোৰ মাথো বতাহত উটি যায়।
যিদৰে অস্ত যায় দিনৰ বেলিটো,
সিদৰেই শেষ হয় এই ধৰাৰ খেলটো।
