Breaking News

মায়া-মৰীচিকাৰ সংগ্ৰাম

 


​এই পৃথিৱী এক ৰঙীন মায়া,

য’ত প্ৰতিটো খোজতে সপোনৰ ছায়া।

অজানিতে বান্ধি লওঁ হেজাৰ মোহৰ জৰী,

সময়ৰ সোঁতত যাওঁ আমি ক্ৰমান্বয়ে লীন পৰি।

​জীৱন মানেইতো এক নিৰন্তৰ সংগ্ৰাম,

ঘামৰ টোপালেৰে লিখা প্ৰতিটো পুৱাৰ নাম।

হেঁপাহৰ আকাশত মেলি দিওঁ দুখৰ পাল,

মায়াৰে আৱৰা এই সংসাৰৰ খেল কিমান বিশাল!

​কাৰোবাৰ বাবে যদি অট্টালিকাৰ সুখ,

কাৰোবাৰ বাবে আকৌ এসাঁজৰ বাবে দুখ।

তথাপিও মানুহে নেৰে আশাৰ সেই জৰী,

মায়াৰ পৃথিৱীতেই যায় জীৱনটো যুঁজি মৰি।

​প্ৰাপ্তিৰ আনন্দতকৈ অপ্ৰাপ্তিৰ যন্ত্ৰণাই বেছি,

মায়াৰ জালত আৱদ্ধ আমি সকলোৱে বন্দী।

তথাপিও হাঁহি এটি ওঁঠত সানি লওঁ,

মায়াৰ পৃথিৱীতেই আমি নিজক বিচাৰি পাওঁ।

​মৃত্যুৱে এদিন দিব এই সংগ্ৰামৰ শেষ সমিধান,

ভঙা কাঁচৰ দৰেই চুৰমাৰ হ’ব সকলো অভিমান।

ৰৈ যাব মাথোঁ মায়াৰ সেই আধৰুৱা সাধু,

য’ত আমি আছিলোঁ একো একোজন সংগ্ৰামী যাদু।


- মাইনা গাম