Breaking News

শব্দৰ কাৰেঙত এজন লেখক

 

Image : Maina Gam

​কলমৰ আগত মোৰ সপোনৰ বসতি,

বগা কাগজৰ বুকুত বিচাৰোঁ নিজৰ স্থিতি।

কেতিয়াবা মই সাগৰৰ দৰে গভীৰ,

কেতিয়াবা আকৌ আকাশৰ দৰে নীৰৱ আৰু স্থিৰ।

​মোৰ চিয়াঁহীৰ প্ৰতিটো টোপালত এটি কাহিনী লুকাই থাকে,

কেতিয়াবা মই হঁহুৱাওঁ, কেতিয়াবা কলমে চকুৰ পানী ঢাকে।

শব্দবোৰ মোৰ পৰিচয়, বাকীবোৰ মাথোঁ ছাঁ,

প্ৰতিটো আখৰত বিচাৰি পাওঁ জীৱনৰ নতুন ঠিকনা।

​মাজনিশা যেতিয়া গোটেই পৃথিৱীয়ে নিদ্ৰাত মগন,

তেতিয়াই মোৰ মনত জাগে সৃষ্টিৰ নতুন লগন।

বতাহৰ সুহুৰিত মই কবিতাৰ সুৰ বিচাৰি পাওঁ,

বিফলতাৰ দুখবোৰক মই শব্দৰ মালাৰে গাঁথো।

​মই এজন লেখক—

জীৱনৰ কঠিন সত্যক কল্পনাৰ ৰহণেৰে সজাওঁ,

নিমাত কলমটোৰেই মই পৃথিৱীৰ কথা কওঁ।


- মাইনা গাম