বাঁহীৰ সুৰত প্ৰেম / Love in the Notes of the Flute
বাঁহীৰ সুৰত প্ৰেম
যমুনাৰ পাৰত সন্ধিয়া নামে,
কদমৰ ডালত বহি;
বজাইছা বাঁহী তুমি হে কানাই,
প্ৰাণৰ ব্যাকুল চহী।
সেই সুৰত আছে কিবা এক মায়া,
থৰ হৈ ৰয় পৃথিৱীৰ ছায়া;
ৰাধাৰ হিয়া কপি উঠে জানা,
নামানে একো বাধা-নিষেধৰ মানা।
নিলিখা চিঠিতো নাম থাকে যাৰ,
মৰমবোৰ যাৰ বুকুৰ মাজত সাৰ;
বৃন্দাবনৰ ধূলিয়ে আজিও কয়,
কৃষ্ণৰ প্ৰেমত ৰাধাই অক্ষয়।
ভক্তি আৰু প্ৰেমৰ সেই অমৰ ধাৰা,
তুমিহে মোৰ কৃষ্ণ, তুমিহে জীৱনৰ সাহাৰা।
©™ মাইনা গাম
Love in the Notes of the Flute
The evening descends on the banks of Yamuna,
Perched upon the Kadamba tree’s bough;
You play your flute, O Krishna,
A melody that marks a soulful vow.
In those notes, a mystical magic dwells,
The shadows of the world stand still;
Radha’s heart trembles with a longing,
Defying every barrier, every will.
A name that lives in unwritten letters,
In the depth of the heart, the love stays true;
The dust of Vrindavan still whispers today,
In Krishna’s love, Radha lives anew.
An eternal stream of devotion and grace,
You are the soul, my Krishna, in every space.
