Breaking News

আই: মোৰ পৃথিৱীৰ আকাশ

 

আই: মোৰ পৃথিৱীৰ আকাশ


শব্দৰ সীমনাত আৱদ্ধ নহয় যাৰ নাম,

যাৰ আঁচলৰ ছাঁত জিৰায় ভাগৰুৱা প্ৰাণ।

পুৱাৰ কোমল ৰ’দজাকৰ দৰে যাৰ হাঁহি,

যাৰ বুকুত বাজি থাকে মৰমৰ বাঁহী।

​মই যেতিয়া খোজ দিছিলোঁ প্রথম ধৰাত,

তুমি ধৰিছিলা হাতখনি নিৰ্ভয় ভৰসাত।

মোৰ আধৰুৱা মাতত তুমি বিচাৰি পাইছিলা সুখ,

নিজে নোখোৱাকৈও হাঁহিৰে ভৰাইছিলা মোৰ মুখ।

​আই, তুমি মানেই ধৈৰ্যৰ এক বিশাল সাগৰ,

য’ত ডুব গ’লে হেৰাই যায় জীৱনৰ সকলো ডৰ।

মোৰ অসুখৰ নিশা তুমি সাৰে থাকা একেথৰে,

তোমাৰ প্ৰাৰ্থনাই মোৰ কপালৰ দুখবোৰ হৰে।

​কেতিয়াবা মই অবুজ হৈ তোমাক দিওঁ যন্ত্ৰণা,

তথাপিও তোমাৰ হৃদয়ত নাথাকে কোনো ঘৃণা।

ক্ষমাৰ আন এটা নাম হয়তো তোমাৰ সেই হিয়া,

যিয়ে চকুলো মচি ক’ব পাৰে— "বুকু শাঁত লগাই দিয়া।"

​সময়ৰ সোঁতত হয়তো সলনি হ’ব পাৰে বহুত কিবা,

কিন্তু সলনি নহয় তোমাৰ সেই মমতাময়ী হিয়া।

তুমি মোৰ সাহস, তুমি মোৰ জীৱনৰ আদি আৰু অন্ত,

তোমাৰ চৰণত বিচাৰি পাওঁ মই মোৰ চিৰ বসন্ত।



©™ মাইনা গাম