সপোনৰ দলিচাত
সপোনৰ দলিচাত
নীলা আকাশৰ বিশালতাত,
উৰি ফুৰে মোৰ মনৰ পখী,
ৰঙীন পৃথিৱীৰ বুকুত বিচাৰোঁ
অলপ সুখৰ একোটি জিলিকনি।
কেতিয়াবা যদি আন্ধাৰে আৱৰে,
কেতিয়াবা আকৌ পোহৰে হাঁহে,
জীৱনটো যেন এখন নৈ
বৈ যায় মাথো আপোন লহৰে।
বুকুত সাঁচিছোঁ হাজাৰ সপোন,
দুচকুৰ পতাত যাৰ ঘৰ,
পাম নেকি বিচাৰি এদিন
মোৰ সেই আপোন ঠিকনাৰ চহৰ?
©™ মাইনা গাম
