ৰাতিৰ চহৰৰ নিলিখা কাহিনী
ৰাতিৰ চহৰৰ নিলিখা কাহিনী
দিনটোৰ কোলাহলবোৰ যেতিয়া ভাগৰি পৰে,
চহৰখনৰ গাত আন্ধাৰে এচাটি চাদৰ মেলে।
লেনিন্ বা মহাত্মা গান্ধী পথৰ সেই চিনাকী মোৰটোত,
আৰম্ভ হয় এটা কাহিনী— যিটো কাৰো ডায়েৰীত লিখা নাই।
ফুটপাথৰ শেঁতা পোহৰত—
ধোঁৱাবৰণীয়া আকাশৰ তলত নিথৰ হৈ ৰয় ৰাজপথ,
বন্ধ দোকানৰ বাৰাণ্ডাত কোনোবাই সপোন দেখে তৰাৰ,
আৰু কোনোবাই আকৌ সপোনৰ বোজা লৈ ঘৰলৈ উভতে।
চহৰৰ সোঁমাজত থকা সেই পুৰণি পুখুৰীটোৱে জানে,
কাৰ চকুলো কেনেকৈ পানীত মিলি একাকাৰ হয়।
ৰাতিৰ মৌনতাত—
অচিনাকি ছাঁবোৰে দেৱালত কিবা এটা আকি যায়,
ৰাস্তাৰ কুকুৰটোৰ ভুকনিত কোনোবা অচিন আলহীৰ ভয়।
উখল-মাখল দিনটোত যিবোৰ কথা হেৰাই গৈছিল,
নিস্তব্ধ ৰাতি সেইবোৰেই বতাহত সুহুৰি হৈ বাজে।
প্ৰতিটো বন্ধ দুৱাৰৰ সিপাৰে একোটা সুকীয়া জগত,
কাৰোবাৰ হাহিঁৰ খিলখিলনি, কাৰোবাৰ নিৰৱ অভিমান।
চহৰৰ এই বিশেষ কাহিনীটো কোনেও কেতিয়াও নিলিখে,
কাৰণ ই কেৱল ৰাতিৰ বুকুত কঁপনি হৈ থাকে।
নিজান ৰাতিৰ চহৰখনে আমাক নিজৰ লগত কথা পাতিবলৈ এক বিৰল সুযোগ দিয়ে।
©™ মাইনা গাম
