বিদায়ৰ সেই কৰুণ ক্ষণ
বিদায়ৰ সেই কৰুণ ক্ষণ
![]() |
| © Image : Maina Gam |
আজি বেলিটো যেন অলপ সোনকালে ডুবিল,
চিনাকি সুৰবোৰ হঠাতে স্তব্ধ হৈ পৰিল।
যি বাটত খোজ দিছিলোঁ হাঁহি-ধেমালিৰে,
সেই বাটতে আজি বিষাদৰ কুঁৱলী নামিল।
এমুঠি মৰম আৰু বহুতো স্মৃতি,
বুকুৰ কোণত সযতনে থৈ দিছোঁ সাঁচি।
নাজানো কেনেকৈ কম বিদায়ৰ কথা,
চকুপানীয়ে যে বাধা দিয়ে ভাষাহীন ব্যথা।
এৰাই যোৱা দিনবোৰ আকৌ ঘূৰি নাহে,
তথাপি সপোনবোৰ জীয়াই থাকিব হাঁহি।
বিদায় দিয়া নাই, মাথো আঁতৰিহে গৈছোঁ,
মৰমবোৰ তোমালোকৰ ওচৰতে এৰি থৈছোঁ।
আকৌ কোনোবা দিনা, কোনোবা এটা ক্ষণত,
আমাৰ দেখা হ’ব একেই আপোন মনত।
আজিৰ বাবে মাথো এয়াই কওঁ—
কুশলে থাকা সকলো, মই বিদায় লওঁ।
©™ মাইনা গাম
