মহাপ্রয়াণৰ অশ্ৰু
মহাপ্রয়াণৰ অশ্ৰু
![]() |
| ©Image : wikipedia |
ভেলাইডুঙীৰ আকাশত আজি
কিয় ইমান মেঘৰ ছাঁ?
কণ্ঠৰুদ্ধ ভকতৰ প্রাণত
বাজে বিষাদৰ কৰুণ সুৰৰ বা।
যিজনে জগালে জগতৰ জ্ঞান
দিলে হৰিনামৰ অমৃত ধাৰ,
তেৱেঁই আজি মৌন হৈ
মেলালে বৈকুণ্ঠৰ দুৱাৰ।
খোল-তালৰ শব্দবোৰ যেন
আজি হঠাতে থমকি ৰ’ল,
শৰাইৰ চাকিটি নুমাই গৈ
ভকতৰ হিয়া উদং হ’ল।
অ’ গুৰুদেৱ!
তুমি অবিহনে আমাক কোনে
ভক্তিৰ অমিয়া দিয়াব পান?
তোমাৰ অবিহনে উকা হ’ল আজি
আমাৰ এই অসমীয়া প্রাণ।
যোৱাগৈ তুমি জ্যোতিৰ ধামলৈ
থৈ গৈ চৰণৰ ধূলি,
চিৰদিন আমাৰ বুকুত বাজিব
তোমাৰ নামৰেই অমিয়া বলি।
শংকৰদেৱৰ বিদায় অসমীয়া জাতিৰ বাবে এটা অপূৰণীয় ক্ষতি আছিল। এই কবিতাটিত সেই বিৰহৰ ভাব প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ।
©™ মাইনা গাম
