আই মোৰ অসমী
আই মোৰ অসমী
নীল আকাশৰ মেঘৰ আঁৰত
জিলিকিছে মোৰ আই,
সেউজীয়াৰ এই মায়াবী দেশত
তাতকৈ আপোন নাই।
লুইতৰ পাৰত কঁহুৱা নাচে
হিল্লোল তোলে বা’ত,
প্ৰাণ ভৰি উঠে শুনিলে আইৰ
অমিয়া সানিয়া মাত।
ডিঙিত বিৰি, হাতত গামখাৰু
কপালত সেন্দূৰৰ ফোঁট,
মৰমৰ সুবাসে আৱৰি ৰাখে
আইৰ চেনেহৰ কোলাত।
বিহুৰ ঢোলৰ গুমগুমণিত
নাচি উঠে প্ৰতিজন,
আই অসমীৰ চৰণত ঢালিছোঁ
আমাৰ প্ৰাণ আৰু মন।
চিৰকাল থকা এনেকৈয়ে আই
সুজলা-সুফলা হৈ,
তোমাৰ কোলাতে জীয়াই থাকিম
পবিত্ৰ লুইত হৈ।
©™ মাইনা গাম
