পোহৰৰ গান
পোহৰৰ গান
আন্ধাৰৰ বুকু ফালি তুমি আহা,
নতুন দিনৰ বতৰা লৈ,
পৃথিৱীৰ চুকে-কোণে বিলাই দিয়া
হাজাৰ আশাৰ ৰঙীন মৈ।
সূৰুযৰ প্ৰথমটি কোমল ৰেঙণি,
দু বুঢ়া চকুৰ জিলিকনি তুমি,
তোমাৰ পৰশতে সাৰ পায় উঠে
শুই থকা এই শ্যামলী ভূমি।
নিশাৰ আকাশত তৰাৰ মেলাত,
তুমি দিয়া জোনাকৰ হাঁহি,
বিষাদৰ মেঘবোৰ আতঁৰাই পঠোৱা
বজাই শান্তিৰ মোহন বাঁহী।
ভিতৰৰ আন্ধাৰো নাশ কৰা তুমি,
জ্বলাই জ্ঞানৰ এটি শিখা,
পোহৰৰে লিখা হওক সবাৰে কপালত
এক উজ্জ্বল জয়ৰ ৰেখা।
©™ মাইনা গাম
